এনেকি সমস্ত বাইবেলৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় স্তৱক যাৰ উল্লেখ “In and out burger”-ৰ কাপৰ তলৰ অংশত লিখা আছে। এয়া বৰকৈ জনপ্ৰিয়। সকলোৱে এই স্তৱক শুনিছে: জন: ৩:১৬- “কিয়নো ঈশ্বৰে পৃথিৱীক ইমানেই ভাল পাইছিল যে তেওঁৰ একমাত্ৰ পুত্ৰক দান কৰিছিল। তেওঁৰ প্ৰতি যিয়ে বিশ্বাস ৰাখে তেওঁৰ যেন বিনাশ নহয়, কিন্তু অনন্ত জীৱন পাব পাৰে।” আৰু অনন্ত মানে হ’ল অনন্ত। ইয়াৰ অৰ্থ হ’ল চিৰকালৰ দৰে। আৰু যীশুৱে কৈছে, “মই সিহঁতক অনন্ত জীৱন দান কৰোঁ, সিহঁতৰ কেতিয়াও বিনাশ নহয়। মোৰ হাতৰ পৰাও সিহঁতক কোনেও কাঢ়ি নিনিয়ে (জন, ১০:২৬)।” বাইবেল, জন ৬:৪৭-ত কোৱা হৈছে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, যিয়েই বিশ্বাস কৰিছে তেওঁ অনন্ত জীৱন পাইছে।” সেয়ে যদি যেয়ে যদি আপুনি যীশুখ্ৰীষ্টত বিশ্বাস কৰে তেনেহ’লে বাইবেল অনুসৰি আপুনি অনন্ত জীৱন পাই গ’লে আপুনি চিৰকাল জীয়াই থাকিব। আপুনি আপোনাৰ মুক্তি নেহেৰুৱাব। এয়া চিৰন্তন, এয়া অনন্ত। এবাৰ আপোনাৰ পৰিত্ৰাণ হৈ গ’লে, এবাৰ আপোনাৰ বিশ্বাস হৈ গ’লে, যিয়েই নহওক কিয় আপোনাৰ পৰিত্ৰাণ ৰৈ নাযায়। যদি ময়ো বাঢ়ি যাওঁ আৰু কোনো পাপ কৰোঁ, তেনেহ’লে ঈশ্বৰে মোক এই পৃথিৱীতে শাস্তি দিব।
যদি মই কাৰোবাক হত্যা কৰোঁ, তেনেহ’লে ঈশ্বৰে এই কথা নিশ্চয় লক্ষ্য ৰাখিব যাতে ইয়াৰ বাবে মই শাস্তি পাওঁ। মই কাৰাবাস খাটোঁ আৰু ইয়াতকৈ বেছি মৃত্যুদণ্ড। যিহেতু এই সংসাৰে মোক শাস্তি দিছে আৰু ঈশ্বৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখে যাতে মই কঠোৰতকৈ কঠোৰতম শাস্তি পাওঁ। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে মই নৰকলৈ গৈছোঁ। এনে একো নাই যাৰ বাবে মোক নৰকলৈ পঠিওৱা হ’ব। কাৰণ মোক বচোৱা হৈছে আৰু যদি মই নৰকলৈ যাওঁ তেনেহ’লে ইয়াৰ অৰ্থ হ’ল প্ৰভুৱে মিছা কৈ গৈছিল। কাৰণ তেওঁ কথা দিছিল যিয়ে তেওঁক বিশ্বাস কৰিব তেওঁ অনন্ত জীৱন পাব। আৰু তেওঁ কৈছিল “যিয়ে মোৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিব তেওঁ কেতিয়াও নমৰে।” ইয়াৰ বাবে বাইবেলত বহু মানুহৰ উদাহৰণ আছে যিয়ে বহুতো বেয়া কাম কৰিও স্বৰ্গলৈ গৈছে। কিদৰে? তেওঁলোক ভাল মানুহ আছিল বাবে? নহয়, কাৰণ তেওঁলোকে প্ৰভু যীশুক বিশ্বাস কৰে। তেওঁলোকৰ পাপ ক্ষমা কৰি দিয়া হৈছে। যিসকল লোকে সমাজৰ চকুত সৎ জীৱন যাপন কৰিছে অথবা তেওঁলোকে হয়তো সঁচাকৈয়ে ভালভাবে জীৱন কটাইছে, কিন্তু তেওঁলোকে যদি যীশুক বিশ্বাস নকৰে তেনেহ’লে তেওঁলোকক নৰকত পঠিওৱা হ’ব আৰু তেওঁলোকৰ পাপৰ শাস্তি দিয়া হ’ব।
আহক আমি এইদৰে ভাবি চাওঁ: এনে এটা কথা যিটো লৈ মই আশ্বস্ত থাকিব বিচাৰোঁ আৰু আজি ক’বলৈ বিচাৰোঁ সেইটো হ’ল যীশুৰ শিষ্যসকলে তেওঁক যি সুধিছিল, আৰু সেই প্ৰশ্নটো হ’ল “কেৱল মাত্ৰ কিছু মানুহকেই জানো বচাব পাৰি?” এইটো এটা বৰ ভাল প্ৰশ্ন নহয় জানো?
অধিকাংশ মানুহেই জানো বাচি গৈছে? নে কিছু মানুহকেই কেৱল বচোৱা হোৱা নাই। ইয়াত এনে কোনো আছেনে যিসকলে ভাবিছে যে অধিকাংশ মানুহে স্বৰ্গলৈ গৈছে – এই সংসাৰৰ বেছিভাগ স্বৰ্গলৈ গৈছে নে?উত্তৰ কি আছিল সেয়া কল্পনা কৰক। মথি ৭-ত তেওঁ কৈছে, সৰু দুৱাৰেৰেই প্ৰৱেশ কৰ, কিয়নো ডাঙৰ সেই দুৱাৰ আৰু সেই পথ যিয়ে সৰ্বনাশৰ ফালে লৈ যায়, আৰু বহুতেই তাৰে প্ৰৱেশ কৰে। কিন্তু সৰু সেই দুৱাৰ আৰু সংকীৰ্ণ সেই পথ যিয়ে জীৱনৰ ফালে লৈ যায় আৰু কম সংখ্যকে তাৰ সন্ধান পায় (মথি, ৭:১৩-
প্ৰথম কথা হ’ল অধিকাংশই যীশুত বিশ্বাস কৰাটো দাবী নকৰে। এই শ্ৰেণীৰ অধিকাংশ লোকেই যীশুক বিশ্বাস কৰাৰ দাবী কৰে। কিন্তু এই জগতৰ বেছিভাগ লোকেই যীশুক বিশ্বাস নকৰে।
কিন্তু প্ৰভুৱে আমাক সতৰ্ক কৰি দিছে যে যিসকলে যীশুৰ প্ৰতি বিশ্বাস কৰাৰ দাবী কৰে, আৰু যিসকলে তেওঁক ঈশ্বৰ মানে বহু মানুহে তেওঁক ক’ব, “আমি সকলো মহৎ কাম কৰিছো। তেনেহ’লে আমি কিয় মুক্তি নাপালো?” তেওঁ তেতিয়া ক’ব, “মোৰ পৰা আঁতৰি যোৱা। মই তোমালোকক চিনি নাপাওঁ। কিয়নো মোক্ষ (মুক্তি)ৰ প্ৰাপ্ত কৰ্মৰ ফলত নহয়, আৰু যদি আপুনি আপোনাৰ কৰ্মৰ ওপৰত ভৰষা কৰে যে আপুনি পৰিত্ৰাণ পাব, আৰু যদি আপুনি এনেদৰে ভাবে যে, এটা সুন্দৰ জীৱন যাপনৰ বাবে মোৰ ভাব হয় যে আপুনি আজ্ঞাকাৰী হ’ব লাগিব, মোৰ ভাব হয় যে আপুনি গীৰ্জালৈ যাব লাগিব, মোৰ ভাব হয় যে আপুনি পাপ কৰা বন্ধ কৰিব লাগিব.........। যদি আপুনি মোৰ কামৰ ওপৰত বিশ্বাস ৰাখে যীশুৱে এদিন আপোনাক ক’ব, মোৰ পৰা আঁতৰি যোৱা। মই তোমাক কোনো দিনে চিনি নাপাওঁ।”